মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development Directorate of Women and Child Development

সাম্প্ৰদায়িক সংহতি আৰু সচেতনতা

অসমৰ সকলো জিলাত আইচিপিএচ ৰ সক্ৰিয় প্ৰচাৰ (ৰাউণ্ড-১)

ৰাজ্যিক শিশু সুৰক্ষা সমিতিয়ে জিলা শিশু সুৰক্ষা ইউনিটৰ সহযোগত এই আচঁনি বাস্তৱ ৰূপ দিয়াৰ প্ৰ্চেষ্টা হাতত লৈছে। কিন্তু অভিজ্ঞতাৰ পৰা গম পোৱা গৈছে যে, জিলা পৰ্যায়ৰ এই আচঁনিসমূহ ৰূপায়িত কৰিবৰ বাবে দীঘলীয়া প্ৰচেষ্টা হাতত লোৱাটো জৰুৰী যাতে জনসাধাৰণৰ মাজত শিশু সুৰক্ষাৰ ওপৰত সচেতনতা সৃষ্টি হয়।

উদ্দেশ্য:

  • আইচিপিএচ আচনিৰ বিভিন্ন সেৱাসমূহৰ বিষয়ে সাধাৰণ নাগৰিকৰ মাজত সচেতনতা সৃষ্টি কৰা।
  • আইচিপিএচ আচঁনিৰ বিভিন্ন গঠনৰ বিষয়ে সচেতনতা সৃষ্টি কৰা।
  • শিশুৰ বাবে এক নিৰাপদ পৰিৱেশ সৃষ্টিৰ বাবে প্ৰচাৰ অভিযান কৰা।
  • শিশুৰ বিৰুদ্ধে হোৱা অহিংসা ৰোধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণক উৎসাহিত কৰা।

কাৰ্যাৱলী:

  • হোৰ্ডিং প্ৰস্তুত কৰা আৰু উপায়ুক্ত কাৰ্যালয়/বজাৰ এলেকাত ইয়াক স্থাপন কৰা।
  • সকলো আৰক্ষী চকী/পঞ্চায়ত কাৰ্যালয়/খণ্ড কাৰ্যালয়/অংগনৱাড়ী কেন্দ্ৰ/জিলা আদালতত আইচিপিএচ আচঁনিৰ পোষ্টাৰ সমূহ বিতৰণ কৰা।
  • বিদ্যালয়/কলেজসমূহত এই আচঁনিৰ লিফলেট বিতৰণ কৰা।