মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development Directorate of Women and Child Development

ছোৱালীক বচাওক ছোৱালীক পঢ়াওক

অৱলোকন

হাৰিয়ানাৰ পানীপথত প্ৰধান মন্দ্ৰীয়ে ২০১৫ চনৰ ২২ জানুৱাৰী তাৰিখে ছোৱালীক বচাওক ছোৱালীক পঢ়াওক শীৰ্ষক আঁচনি খন মুকলি কৰিছিল। এই আঁচনি খন মুকলি কৰা হৈছিল মহিলা সকলৰ সমস্যাৱলী সমূহ উত্থাপন কৰি ইয়াৰ সমাধান কৰিবলৈ আৰু লগতে লিংগ অনুপাতৰ পাৰ্থক্য দূৰ কৰিবলৈ।

উদ্দেশ্যাৱলীঃ

উক্ত আঁচনিৰ মূল উদ্দেশ্য হৈছে ছোৱালী শিশুৰ জন্ম উদযাপন কৰা আৰু তেওঁলোকৰ বাবে শিক্ষা সুনিশ্চিত কৰা। ইয়াৰ উদ্দেশ্যাৱলী সমূহ তলত উল্লেখ কৰা হলঃ

  1. লিংগ বৈষম্যযুক্ত লিংগ বাচনী প্ৰক্ৰিয়া বিলুপ্ত কৰা।
  2. ছোৱালী শিশুৰ সুৰক্ষা আৰু জীৱন ধাৰণ সুনিশ্চিত কৰা।
  3. ছোৱালী শিশুৰ শিক্ষা আৰু অংশগ্ৰহণ সুনিশ্চিত কৰা।

ছোৱালীক বচাওক ছোৱালীক পঢ়াওক ৰূপায়নকাৰী আঁচনিঃক্লিক কৰক