মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development Directorate of Women and Child Development

শিশু উন্নয়ন আৰু শিশু সুৰক্ষা (কল্যাণ আচঁনি)

আই.চি.ডি.এছ.

সংযুক্ত শিশু বিকাশ কেন্দ্ৰ (আই.চি.ডি.এছ.)

কেৱল এটা খণ্ডতহে ১৯৭৫ চনত আই.চি.ডি.এছ. মুকলি কৰা হৈছিল। তাৰ পছৰে পৰাই ইয়াৰ সম্প্ৰসাৰণ কৰি থকা হৈছিল আৰু কালক্ৰমত অসমৰ সকলো খণ্ডতে ইয়াক স্থাপন কৰা হয়। একেবাৰে আৰাম্ভণিত আই.চি.ডি.এছ.ৰ ৰূপায়ন কেৱল দৰিদ্ৰ শ্ৰেণীৰ লোকৰ ক্ষেত্ৰতহে বিবেচনা কৰা হৈছিল। কিন্তু ২০০৫ চনত কেৱল দৰিদ্ৰ শ্ৰেণীৰ পৰিৱৰ্তে স্বাস্থ্য আৰু পুষ্টিৰ স্থিতিৰ ভিত্তিত সকলো শ্ৰেণীৰ লোককে ইয়াৰ অধীনত সামৰি লোৱা হয়। এই আঁচনি সমগ্ৰ অসমতে ৬২,১৫৩ অংগণবাদী কেন্দ্ৰৰ(এ.ডব্লিও.চি.) জৰিয়তে ৰূপায়ন কৰা হয়।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে সাধাৰণ সহায়ৰ উদ্দেশ্যে ৯০:১০ অনুপাতত আৰু পৰিপূৰক পুষ্টিৰ উদ্দেশ্যে ৯০:১০ অনুপাতত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে এই আঁচনি ৰূপায়ন কৰা হয়।

উদ্দেশ্য

আই.চি.ডি.চি.ৰ মুখ্য উদ্দেশ্য সমূহ হলঃ

  1. ০ৰ পৰা ৬বছৰ বয়সৰ শিশুৰ পুষ্টিগত আৰু স্বাস্থ্যজনিত স্থিতিৰ বিকাশ ঘটোৱা।
  2. শিশুৰ দৈহিক, মানসিক আৰু সামাজিক উন্নয়নৰ ভেটি তৈয়াৰ কৰা।
  3. শিশুৰ মৃত্যুৰ হাৰ, ৰোগ, অপুষ্টি তথা বিদ্যালয় সুবিধাৰ পৰা বঞ্চিত হোৱা আদি সকলোবোৰৰ হাৰ হ্ৰাস কৰা।
  4. শিশুৰ উন্নয়নৰ বাবে সকলো বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰিব পৰাকৈ নীতি নিৰ্ধাৰণ কৰা আৰু ইয়াৰ ৰূপায়ন কৰা।
  5. মাতৃ সকলক পুষ্টিগত আৰু শিক্ষাগত জ্ঞান প্ৰদানৰ জৰিয়তে শিশুৰ পুষ্টি আৰু স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ বাবে মাতৃ সকলৰ ক্ষমতা বৃদ্ধি কৰা।